এইবাৰ অসমত জাৰি কৰা হৈছে Red Alert আৰু Orange Alert।
ৰাজ্যত কালৰূপ ধাৰণ কৰিব বতৰে। বিগত কিছুদিনৰ পৰা ৰাজ্যত হৈ আছে ধাৰাসাৰ বৰষুণ। দেওবাৰ, সোমবাৰে আৰু মঙলবাৰে সমগ্ৰ অসমত Red Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।আনহাতে বুধবাৰ আৰু বৃহস্পতিবাৰে অসমত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।সোমবাৰে আৰু মঙলবাৰে অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু মেঘালয়তো জাৰি কৰা হৈছে Red Alert।সোমবাৰে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু নাগালেণ্ডত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।মঙলবাৰে ত্ৰিপুৰা, মণিপুৰ আৰু নাগালেণ্ডত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আনহাতে মিজোৰামত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।বুধবাৰ আৰু বৃহস্পতিবাৰে অসমকে ধৰি অৰুণাচল প্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, মণিপুৰ আৰু নাগালেণ্ডত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আনহাতে মিজোৰামত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
0 Comments