Sunil Gogoi Murder Case: ক্ৰমে ৰহস্যঘন হৈছে সুনীল গগৈৰ হত্যাকাণ্ড! সুনীল গগৈ আৰু জয়ন্ত গোস্বামীৰ মাজৰ তৃতীয় চৰিত্ৰ জাহাংগীৰ হুছেইন নিখোজ হৈ থকাক লৈ বৃদ্ধি পাইছে ৰহস্য, জাহাংগীৰ আৰু ঘাতকৰ সন্ধান উলিওৱাত আৰক্ষীৰ পুতৌ লগা ব্যৰ্থতাৰ আঁৰত কি?
লখিমপুৰ ঢকুৱাখনা সাপতিয়াত সুনীল গগৈৰ ৰহস্যজনক হত্যাকাণ্ডৰ আজি ষোল্ল দিন পাৰ হ’ল। আজিও আৰক্ষী-CIDয়ে কোনো শুংসূত্ৰ বাহিৰ কৰিব পৰা নাই হত্যাকাৰীৰ। ইয়াৰ মাজতে যোৱা ১ জুনত ঢকুৱাখনা সাপতিয়াৰ নাহৰণিচুকত এখন চোমনিত উদ্ধাৰ হোৱা অৰ্ধদগ্ধ মৃতদেহটোক হৈ সম্প্ৰতি প্ৰচাৰ হোৱা কিছু বাতৰিয়ে বিভ্ৰান্ত কৰিছে আৰক্ষী আৰু সুনীল গগৈৰ পৰিয়ালক।
প্ৰকৃততে কাৰ আছিল মৃতদেহটো?
ঘটনাস্থলীত উদ্ধাৰ হোৱা মৃতদেহত নাছিল মুণ্ড। হাত-ভৰি সকলো আছিল ছিন্ন ভিন্ন। মৃতদেহৰ ওচৰত উদ্ধাৰ হোৱা এযোৰ চেণ্ডেল, এটা টৰ্চলাইট আৰু এটা টি-চাৰ্টে প্ৰাথমিক পৰ্যায়ত নিশ্চিত কৰিছিল সেয়া সুনীল গগৈৰ মৃতদেহ। কিন্তু আৰক্ষী আৰু CIDৰ বাবে সেয়াই যথেষ্ট নাছিল। ঘটনাৰ তদন্ত কৰিবলৈ তাৎক্ষণিকভাৱে ২ জুনত ঘটনাস্থলীত উপস্থিত হৈছিল CID আৰু ফৰেনছিক বিশেষজ্ঞৰ দল। যিহেতু অৰ্ধদগ্ধ মৃতদেহত নাছিল মুণ্ড আৰু চিনাক্তৰ বাবে শৰীৰত নাছিল স্পষ্ট আভাস। সেয়েহে আৰক্ষী আৰু CIDৰ বাবে একমাত্ৰ বিকল্প হৈ পৰিল DNA পৰীক্ষা। আৰক্ষী সূত্ৰে জানিব পৰা মতে মৃতদেহ চিনাক্তকৰণ নহ’লে সম্পূৰ্ণ কৰিব নোৱাৰে অভিযোগনামা।
0 Comments